Logo
image

বিশিষ্ট বিহুৱা ৰঞ্জিত গগৈলৈ বিহু শিল্পী সংস্থা, অসমৰ "বিহু ৰত্ন বঁটা ২০২৫"

'আমাৰ অসম'ৰ মহানগৰ সংবাদ, ১৮ মাৰ্চঃ বিহু শিল্পী সংস্থা, অসমে ২০২৪ চনৰ পৰা প্ৰদান কৰি অহা "বিহু ৰত্ন" বঁটা ২০২৫ বৰ্ষৰ বাবে বিশিষ্ট বিহুৱা তথা অসম চৰকাৰৰ পৰা "অসম গৌৰৱ" বঁটাৰে সন্মানিত ৰঞ্জিত গগৈক প্ৰদান কৰিব। অসমৰ বিহু সংস্কৃতিৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে অহোপুৰুষাৰ্থ কৰি অহা এগৰাকী বিহু সাধকক এই বঁটাৰে সন্মানিত কৰা হয়। বিশিষ্ট বিহুৱা ৰঞ্জিত গগৈয়ে শৈশৱকালৰ পৰাই কান্ধত ঢোল লৈ বিহু সংস্কৃতিৰ পথাৰখনত সাধনা কৰি আহিছে। বিশ্বৰ বহুত দেশলৈ গৈ অসমৰ বিহু পৰিবেশন কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে। 


অসম চৰকাৰৰ উদ্যোগত অনুষ্ঠিত হোৱা বিহু নাচৰ বিশ্ব ৰেকৰ্ড অনুষ্ঠানতো মূখ্য ভূমিকা পালন কৰিছিলে। তেওঁৰ এই অৱদানৰ বাবেই অসম চৰকাৰেও তেওঁক "অসম গৌৰৱ" বঁটাৰে সন্মানিত কৰিছে। বিহু শিল্পী সংস্থা অসমেও ৰঞ্জিত গগৈক ২০২৫ বৰ্ষৰ বাবে "বিহু ৰত্ন ২০২৫" বঁটাৰে সন্মানিত কৰাৰ সিদ্ধান্ত লৈছে। ২৩ মাৰ্চত শোণিতপুৰ জিলা সমিতিৰ বালিপৰা আঞ্চলিকৰ উদ্যোগত বালিপৰাত অনুষ্ঠিত হ'বলগীয়া বিহু শিল্পী সংস্থা অসমৰ পঞ্চম বাৰ্ষিক ৰাজ্যিক অধিবেশনৰ মুকলি সভাতেই ৰঞ্জিত গগৈক এই বঁটা প্ৰদান কৰিব বুলি সংস্থাৰ ৰাজ্যিক সভাপতি দীপজ্যোতি হাজৰিকাই জনাইছে। এই বঁটাটিত থাকিব এটি বিশেষ ট্ৰফী, নগদ ধন, প্ৰশস্তি পত্ৰ, গামোচা আৰু চেলেং।